আমাৰ বিষয়ে

বিশ্ব বেংকৰ অনুদান প্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট-)ৰ অধীনত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি বিপণন অনুসন্ধান তথ্য কোষ (AMIU) স্থাপন কৰা হৈছে ।

প্ৰকল্পটো চাৰিটা উপাদানত বিভক্ত কৰা হৈছে ৷ যেনে- ক) কৃষি-উদ্যোগ বিকাশত সমৰ্থন, খ) কৃষি-থূপ সমূহৰ বিকাশত সুবিধা প্ৰদান, গ) বজাৰ নিৰ্ধাৰিত উৎপাদন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰা, ঘ) প্ৰকল্প ব্যৱস্থাপনা আৰু নিৰীক্ষণ আৰু শিক্ষা ।

এ.এম.আই.ইউ.-ৰ লক্ষ্য হৈছে মূল্য শৃংখলৰ সামগ্ৰীৰ যোগান আৰু চাহিদাৰ বিষয়ে বুজাবুজি উন্নত কৰা আৰু চাহিদাৰ লগতে যোগান সংযোগ কৰাৰ উদ্দেশ্যে কৃষি বিপণন অনুসন্ধান তথ্য কোষ (AMIU) “বজাৰ-নিৰ্ধাৰিত উৎপাদন আৰু স্থিতিস্থাপকতা বৃদ্ধি” উপাদানৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে ।

এ.এম.আই.ইউ. -ত অন্তৰ্ভুক্ত কাৰ্যৱলীসমূহৰ ভিতৰত আছে :

  • বজাৰৰ তথ্য নিয়মীয়া সংগ্ৰহ আৰু প্ৰচাৰ
  • মূল পণ্যসামগ্ৰী খণ্ডসমূহৰ বিশ্লেষণ
  • সকলো অংশীদাৰৰ প্ৰশিক্ষণ আৰু ক্ষমতা বৃদ্ধি

দৃষ্টি >>

image

বজাৰৰ তথ্য সংগ্ৰহৰ বাবে কৃষি বিপণন অনুসন্ধান তথ্য কোষক এক পেছাদাৰী ব্যৱসায় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা (মূল্য, আগমন, প্ৰৱণতা, বজাৰৰ সংকেত ইত্যাদি), বজাৰৰ তথ্যৰ বিশ্লেষণ, বাখ্যা আৰু প্ৰচাৰ, বজাৰৰ পৰামৰ্শ আদি কৃষক আৰু অন্যান্য মুখ্য যোগান কৰ্তাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা।

মিছন >>

image

এই লক্ষ্য হৈছে উৎপাদকসকলক বজাৰ আৰু উচ্চ মূল্য প্ৰচলিত বজাৰৰ তথ্য প্ৰদান কৰি কৃষকসকলক দৰদামৰ শক্তি বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ উন্নত বুজাবুজি লাভ কৰাত সহায় কৰা । অসমৰ সকলো জিলাৰ কৃষক সমাজলৈ তথ্যৰ স্বচ্ছতা, লাভজনকতা আৰু বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি কৰা ।

 

যোগাযোগৰ ঠিকনা

অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট, পিন ৭৮৫০১৩
অসম
টেলেফেক্স: ০৩৭৬-২৩৪০০০১
ইমেইল: webadmin@aau.ac.in

  •  
  •  
  •  
  •  
 

Copyright © 2020. Assam Agricultural University. | Website Design and Development - Dataflow System